Local, Vocal, Global

দীপক বৰঠাকুৰৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ শোক প্ৰকাশ

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী, ২০২২ : ৰাষ্ট্ৰীয়তাবাদী বিচাৰ ধাৰাক জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে গ্ৰহণ কৰি শেষ মুহূৰ্তলৈকে সনাতনী সমাজখনক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি যোৱা আদৰ্শ ব্যক্তি দীপক বৰঠাকুৰদেৱৰ মৃত্যুত ৰাজ্যিক বিজেপিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, প্ৰয়াত বৰঠাকুৰদেৱে ৰাষ্ট্ৰীয়তাবাদী বিচাৰ ধাৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ চালুকীয়া অৱস্থাৰ পৰা সংগঠনটোক শক্তিশালী কৰাৰ বাবে এক অনবদ্য অৰিহণা আগবঢ়াই গৈছে ৷ একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টি জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে গ্ৰহণ কৰি শেষ মুহূৰ্তলৈকে আমাৰ সনাতনী সমাজখনক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি যিজনা ব্যক্তিয়ে সদায়েই আমাক অনুপ্ৰাণিত কৰি আহিছিল, যিজনা ব্যক্তিৰ সান্নিধ্যত আমি সমাজ তথা ৰাজনৈতিক জীৱনৰ অ আ ক খ শিকিবলৈ সক্ষম হৈছিলোঁ তেনেকুৱা অভিভাৱক দীপক কুমাৰ বৰঠাকুৰৰ পৰলোক গমনৰ বাতৰি আমাৰ কাৰণে অতিকৈ অসহনীয় আৰু মৰ্মস্তুত কৰি তুলিছে ৷ শ্ৰী শইকীয়াই লগতে কয়, ৰাষ্ট্ৰীয়তাবাদী বিচাৰ ধাৰাৰ বিভিন্ন সংগঠন যেনে – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰত বিকাশ পৰিষদ, বিবেকানন্দ কেন্দ্ৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিদ্যা ভাৰতী, নাগৰিক সমবায় বেংক আদি বিভিন্ন সংগঠনক সন্মুখৰ পৰা নেতৃত্বত দি দীপকদাই প্ৰতিটো সংগঠনক সমাজ জীৱনত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থৈ গ’ল ৷ তেখেতৰ হাতৰ পৰশত আটাইবোৰ সংগঠনে এক নৱ-ৰূপ আৰু জীৱন্ত সংগঠন হিচাবে সমাজৰ অফুৰন্ত মৰম আৰু চেনেহ আদায় কৰিবলৈ সক্ষম হ’ল ৷