তৈলনগৰী দুলীয়াজানত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ দ্বিতীয়খন সন্মিলন উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
নিউজ ডেস্কঃ অসম আৰক্ষীত সংস্কাৰ সাধনৰ দিশত এক নতুন মাত্রা অন্বেষণৰ মাত্ৰা হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তৈল নগৰী দুলিয়াজানত অসমৰ সকলোবোৰ জিলাৰ আৰক্ষী অধীক্ষকসকলৰ দ্বিতীয়খন সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে দুদিন ধৰি চলিবলগীয়া এই সন্মিলনত ৰাজ্যৰ ৩৪ খন জিলাক প্ৰতিনিধিত্ব কৰা ৯৪ গৰাকীৰো অধিক আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্রহণ কৰিছে।
নিজৰ উদ্বোধনী ভাষণত ড০ শৰ্মাই কয় যে ছমাহৰ আগতে কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ প্ৰথমখন সন্মিলনত তেঁও অসম আৰক্ষীক নিজৰ কৰ্মপন্থা আৰু ভূমিকা নতুনকৈ নিৰ্ধাৰণ কৰাৰ বাবে আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই বিভাগীয় সংস্কাৰ সাধনৰ দিশত বিগত কেইমাহমানত অসম আৰক্ষীয়ে লাভ কৰা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে তথাপিও এই দিশত এতিয়াও বহু কৰণীয় আছে আৰু অসম আৰক্ষীয়ে সংস্কাৰৰ এই যাত্ৰা অব্যাহত ৰাখিব লাগিব।
আৰক্ষী বিষয়াসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে সৰ্বসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বন্ধুত্বসূলভ মানসিকতাৰে অসম আৰক্ষীয়ে জনতাৰ কাষত সদায়েই থিয় দিব লাগিব, কিন্তু একে সময়তে শূন্য সহনশীল নীতিৰে সকলো প্ৰকাৰৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতিও গ্ৰহণ কৰিব লাগিব। গুনগত মানৰ অনুসন্ধান আৰু ফলপ্ৰসূতাৰে গোচৰ নিষ্পত্তি প্ৰক্ৰিয়াক সফল আৰক্ষী বাহিনীৰ মূল চাবিকাঠী বুলি অভিহিত কৰি ৰাজ্যৰ নাগৰিকসকলৰ বিৰুদ্ধে সংঘটিত সকলো প্ৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিবলৈ তেওঁ আৰক্ষী বিভাগৰ লোকসকলৰ প্ৰতি আহ্বান জনায়।
এক প্ৰযুক্তিচালিত আৰক্ষী বাহিনী গঢ়ি তোলাটো ৰাজ্য চৰকাৰৰ অন্যতম প্রধান লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে সময়ৰ সৈতে খোজ মিলাই পৰিবৰ্তনশীল অপৰাধ সমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অসম আৰক্ষীয়ে নিজৰ কাম-কাজত অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজন নিশ্চিত কৰিব লাগিব। লগতে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ তৃতীয়খন সন্মিলন অহা ছমাহৰ পিছত গোলাঘাট জিলাৰ দেৰগাঁৱত অনুষ্ঠিত হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে সন্মিলনৰ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্রী বিমল বৰা, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, তেজপুৰস্থিত ভাৰতীয় সেনাৰ ৪ কৰ্পছৰ জি অ’ চি লেফটেনেন্ট জেনেৰেল ৰবীন খোশলা, ভাৰপ্ৰাপ্ত এ অ’ চি এয়াৰ মাৰ্শ্বেল ডি কে পাটনায়ক, অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক এছ চি মিশ্র আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক কাৰ্যবাহী প্ৰশান্ত বৰকটকীকে ধৰি অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।
ReplyForward |