তৃণমূল কংগ্ৰেছৰ প্ৰশান্ত কিশোৰৰ আই-পেকত গাঞ্জা জব্দ
নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ গোৱাত তৃণমূল কংগ্ৰেছৰ নিজৰ স্থিতি সবল কৰাৰ চেষ্টা কৰি থকাৰ মাজতেই ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকৰ এটা কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গাঞ্জা জব্দ কৰে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰশান্ত কিশোৰৰ কোম্পানীৰ এগৰাকী সদস্যক গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে।
গোৱা আৰক্ষীয়ে শুকুৰবাৰে পোৰবোৰিমৰ কেইবাটাও বাংলোত তালাচী চলাই। এই অভিযানত আৰক্ষীয়ে আই-পেকৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, ১৪ ফ্ৰেব্ৰুৱাৰীত গোৱা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। যিহেতু কংগ্ৰেছৰ ৰণনীতিকাৰ হিচাপে কাম কৰি প্ৰশান্ত কিশোৰে গোৱাত দলৰ কাম চোৱা-চিতা কৰে।সেয়েহে এদিন পূৰ্বে গাঞ্জা উদ্ধাৰ হোৱা কাৰ্যই বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।