তিনিদিনীয়া কাৰ্য্যসূচী লৈ অসমত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : তিনিদিনীয়া কাৰ্য্যসূচীৰে ইতিমধ্যই অসমত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। বিমান বন্দৰত ৰাষ্ট্ৰপতিক আদৰণি জনায় মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে। বৰ্তমান ৰাষ্ট্ৰপতিক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু ৰাজ্য চৰকাৰ । ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ অসম চৰকাৰৰ। মুখ্যমন্ত্ৰীকে আদি কৰি বিমান বন্দৰত উপস্থিত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী।

প্ৰথমতে ৰাষ্ট্ৰপতি গৰাকীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশীষ লোৱাৰ পিছতেই ৰাজভৱনত কিছু সময় জিৰণি লয় বিয়লি ৫ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া কাৰ্যসূচী উদ্বোধন কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। কাইলৈ তেজপুৰ লৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। পৰহি পুৱাই তেঁও কাজিৰঙা অভয়াৰণ্যত উপস্থিত হ’ব।