Local, Vocal, Global

তিনিখনকৈ ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন

পুনৰ দেশৰ কেইবাখনো ৰাজ্যত ক’ৰনা ভাইৰাছৰ নতুন প্ৰজাতিৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা ৭ দিনৰ ভিতৰত ভাৰতত নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা গড় হিচাপত আছিল ২৯,৩৫৫জন। ক’ৰনাৰ ভয়াৱহতাৰ বাবে ছিকিমত ইতিমধ্যে ছিকিম চৰকাৰে নৈশ সান্ধ্য আইন জাৰি কৰাৰ কথা ঘোষণা কৰিছে। নিশা ১০ বজাৰ পৰা সান্ধ্য আইন বলৱৎ হোৱাৰ লগতে নিশা ১০.৩০ বজাৰ পাছত সকলোধৰণৰ যান-বাহনৰ চালাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।তদুপৰি ৰাজ্যখনৰ সকলো নাগৰিকক মাস্ক পৰিধান কৰাৰ লগতে সকলোকে সামাজিক দুৰত্ব মানি চলিবলৈ মুখ্যমন্ত্ৰী প্ৰেমছিং টামাঙে অনুৰোধ জনায়। একেদৰে পঞ্জাব চৰকাৰেও লুধিয়ানাকে ধৰি ৰাজ্যখনৰ ৯খন জিলা ক্ৰমে লুধিয়ানা,জলন্ধৰ,পাটিয়ালা,মোহালি,অমৃতসৰ, গুৰুদাছপুৰ,হুচীয়াৰপুৰ,কাপুৰথালা আৰু ৰোপাৰত নৈশ সান্ধ্য আইন জাৰি কৰিছে। সেইদৰে গুজৰাটৰ আহমেদাবাদ,ছুৰাট আৰু ৰাজকোটকে ধৰি কেইবাখনো চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে।