Local, Vocal, Global

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব ৯৬৩.৪৮ কোটিৰ অভিলাষী প্ৰকল্প

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন বিকশিত ৰাজ্য তথা অসমক পাঁচখন ৰাজ্যৰ ভিতৰত গঢ়ি তোলাৰ বাবে বিকাশৰ এপষেকৰ অংশস্বৰূপে অহা ২৪ ডিচেম্বৰত ডিব্ৰুগড় জিলাত কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভাৰম্ভ কৰিব। ডিব্ৰুগড়ৰ জিলাৰ বাবে অসম চৰকাৰে ব্যয় কৰিব ৯৬৩. ৪৮ কোটি টকা।

ইয়াৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা ১১৪.৯০ কোটি টকা ব্যয় সাপেক্ষে দন্ত চিকিৎসালয়, নাহৰকটীয়া ষ্টেডিয়াম, দুলীয়াজান মিনি ষ্টেডিয়াম ১১.৫৪, মৰাণ মিনি ষ্টেডিয়াম, ডিব্ৰুগড় পলিটেকনিক, দুলিয়াজান আই টি আই, কানৈ কলেজ, নামৰূপত আই বি, মৰাণ নাহৰকটীয়া ৰোড, ভাদৈ জয়পুৰ পথ, মাধপুৰ টিপলিং পথ, জলসম্পদ বিভাগৰ তৰফৰ পৰা মহমাৰী, অকলেণ্ড মাইজান, দিনজানন, নগাঘূলি অকলেণ্ড, ৰহমৰীয়াত খহনীয়া প্ৰতিৰোধ আঁচনি, জলসম্পদ বিভাগৰ অতিথিশালা আদি অন্যতম।

আজি এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই এই কথা সদৰি কৰে। জিলাখনত ৰূপায়িত হ’বলগীয়া বৃহৎ প্ৰকল্পৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীয়ে।