Local, Vocal, Global

ডিজিটেলাইজ হ’ল ”অসম সাহিত্য সভা”

নিউজ ডেস্ক,১৩ ফ্ৰেব্ৰুৱাৰীঃ ইণ্টাৰনেটত অসম সাহিত্য সভা। এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব আপৰুগীয়া গ্ৰন্থ,মূল্যবান আলোচনা, সাধুকথা আদি। ডিজিটেলাইজ হ’ল “অসম সাহিত্য সভা”। সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে  মুকলি কৰে ডিজিটেল প্লেটফৰ্ম। https://assamsahityasabha.org ৱেবচাইটো মুকলি কৰে। সাধুকথা উপলব্ধ হ’ব https://linktr.ee/talesfromassam আৰু গ্ৰন্থকোষ উপলব্ধ হ’ব www.granthakosh.sahityasabha.amtron.in
     এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয়।
   এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰণৰ পৰিচালন সঞ্চালক এম কে য়াদৱ, জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰ, জাৰিৰ হুছেইনৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।