জীৱন সংগী হ’ব দুজন মহিলা চিকিৎসক
নিউজ ডেস্কঃ সাধাৰণতে এগৰাকী যুৱতীয়ে এজন পুৰুষক জীৱন সংগী হিচাপে বিচাৰে।কিন্তু উচ্চ সম্ভ্ৰান্ত দুগৰাকী চিকিৎসকৰ ক্ষেত্রত দেখা গল এক ব্যতিক্রমী ঘটনা। ড০ পাৰোমিতা মুখাৰ্জী আৰু ড০ সুৰভি মিত্ৰই যোৱা সপ্তাহত মহাৰাষ্ট্ৰৰ নাগপুৰত আঙুঠি পিন্ধোৱা অনুষ্ঠান সম্পন্ন কৰিছিল। দুয়োজনে একেলগে থাকিবলৈ ও শপত লৈছে। গোৱাত তেঁওলোকৰ বিয়াৰ পৰিকল্পনা ও কৰি আছে দুয়োজনে।
ড০ পাৰোমিতাই নিজৰ কাহিনী ব্যাখ্যা কৰি কৈছিল যে মোৰ দেউতাই ২০১৩ চনৰ পৰা মোৰ যৌন অভিমুখীতাৰ বিষয়ে জানিছিল। যেতিয়া মই অলপতে মোৰ মাক এই বিষয়ে কৈছিলো তেতিয়া তাই হতবাক হৈছিল। কিন্তু পিছত তাই সন্মত হৈছিল কাৰণ তাই মোক সুখী হোৱাটো বিচাৰিছিল।
আনহাতে, নাগপুৰত ড০ সুৰভি মিত্ৰই কৈছিল যে মোৰ যৌন অভিমুখীতাৰ প্ৰতি মোৰ পৰিয়ালৰ পৰা কেতিয়াও কোনো বিৰোধিতা কৰা হোৱা নাছিল। দৰাচলতে, মই মোৰ মা-দেউতাক কোৱাৰ সময়ত তেঁওলোক সুখী হৈছিল। তেঁও লগতে কৈছিল যে মই এজন মনোৰোগ বিশেষজ্ঞ আৰু বহুলোকে মোৰ সৈতে দ্বৈত জীৱন যাপন কৰাৰ বিষয়ে কথা পাতে কাৰণ তেঁওলোকে নিজৰ বাবে স্থিতি ল’ব নোৱাৰে।
এতিয়া দুয়োগৰাকীয়ে আজীৱন প্ৰতিশ্ৰুতিৰে গোৱাত তেঁওলোকৰ বিয়াৰ পৰিকল্পনা কৰি আছে। উল্লেখ্য যে যোৱা মাহত, তেলেংগানাৰ এজন সমকামী দম্পতীয়ে ধুমধামেৰে বিৱাহ পাশত আৱদ্ধ হৈছিল। ইয়াক তেলেংগানাৰ প্ৰথম সমকামী দম্পতী বুলি গণ্য কৰা হয়।