জানুৱাৰী মাহতে কামতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হ’ব

কমতাপুৰ পৃথক ৰাজ্য গঠন
সকলো ঠিকে ঠাকে থাকিলে জানুৱাৰী মাহতে কামতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হ’ব বুলি কেএলঅ’ উপমুখ্য সেনাধ্যক্ষ সূৰ্য কোচৰ বিবৃতি ।
বিবৃতিৰ পিছতে কমতাপুৰক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া ।
এনেই কিছুমান বাতৰি ওলাই সমাজক বিভ্ৰান্ত কৰে
কিবা এটা ৰাজ্য হ’ব লাগিলে হ’ব লাগিলে সংশ্লিষ্ট চৰকাৰৰ সতে আলোচনা হ’ব।
কেএলঅ’ক মূলসূঁতলৈ ঘূৰি অহাৰ আহ্বান।
কোচ-ৰাজবংশী জনগোষ্ঠীৰ বাবে বহুখিনি কাম কৰিব লগা আছে আৰু মূলসূঁতিলৈ ঘূৰি আহি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কাম কৰক ।
সকলোৱে অঞ্চলটোৰ পৰিৱেশ শান্তিপুৰ্ণভাৱে ৰখাৰ যত্ন কৰিব লাগে ।
অস্ত্ৰ লৈ সংগ্ৰাম কৰাৰ আগৰ পৰিৱেশ নাই আৰু যি জনগোষ্ঠীৰ সংগ্ৰামীসকলে মূলসূঁতিলৈ ঘূৰি আহিছে তেওঁলোক উত্তৰণৰ দিশে ধাৱিত হৈছে ।
জিলা বিলোপকৰণ সন্দৰ্ভতো মন্তব্য প্ৰমোদ বড়োৰ৷
চৰকাৰে সদায় জনগণৰ স্বাৰ্থত কাম কৰি আহিছে।
সমাজ বিভাজন-জাতি বিভাজনৰ ৰাজনীতিৰ পৰিবৰ্তে উন্নয়নৰ ৰাজনীতি কৰক।
বাতৰিৰ আঁতধৰি বিপথে পৰিচালিত নহবলৈ আহ্বান।