জাতীৰ মেৰুদণ্ড জ্ঞান কৰা শিক্ষকে দিলে ছাত্ৰীক কু-প্ৰস্তাব

নিউজ ডেস্ক ২৮ এপ্ৰিল:-ছাত্ৰীক কু-প্ৰস্তাব দি গ্ৰেপ্তাৰ শিক্ষক । হাইলাকান্দি সদৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আজি স্থানীয় কলেজ ৰোড এলেকাৰএটা ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আনন্দ স্বৰূপ নামৰ এগৰাকী গৃহ শিক্ষকক ।
এজনী নৱম শ্ৰেণীৰ ছাত্ৰীক কুপ্ৰস্তাব দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
শিক্ষকক কোৱা হয় জাতীৰ মেৰুদণ্ড । কিন্তু এই মেৰুদণ্ডয়ে কেতিয়াবা জাতীৰ লাজৰ কাৰণ হৈ উঠে। এনেই এক ঘটনা সংগঠিত হল হাইলাকান্দি জিলাত।
যোৱা বুধবাৰে সন্ধিয়া হঠাতে উত্তপ্ত হৈ উঠে হাইলাকান্দি চহৰৰ কলেজ ৰোড এলেকাত । এই এলেকাত ঘৰ ভাৰা কৰি ছাত্ৰ ছাত্ৰীক প্ৰাইভেট পাঠদান কৰা এগৰাকী শিক্ষক আনন্দ স্বৰূপৰ বিৰুদ্ধে খালি ঘৰত মাতি নি কু প্ৰস্তাব দিয়াৰ অভিযোগ উত্থাপন কৰে নৱম শ্ৰেণীত অধ্যয়নৰত এজনী ছাত্ৰীয়ে ।
স্থানীয় ৰাইজ শিক্ষকৰ এনে কাৰ্যক লৈ খং’ত অগ্নিশৰ্মা হৈ উঠে আৰু শিক্ষক জনক উত্তম-মধ্যমো দিয়ে ।
ইপিনে, আজি এই ঘটনা সম্পৰ্কে ছাত্ৰীৰ পিতৃ হাইলাকান্দি সদৰ আৰক্ষী চকিত এটা গোচৰ ৰজু কৰে ।
হাইলাকান্দি আৰক্ষীয়ে গোচৰখন ১৩৭ / ২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (এ) ২৯৪ আৰু পক্চকো ( POCSO ) এক্টৰ ১২ নম্বৰ ধাৰাত ৰেজিষ্টাৰ কৰি শিক্ষক জনক গ্ৰেপ্তাৰ কৰে ।
উল্লেখযোগ্য যে, গৃহ শিক্ষক জনক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহে আন এক তথ্য । তেওঁ আচলতে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি সমষ্টিৰ কালিবাড়ী উচ্চ মাধ্যমিক চৰকাৰি বিদ্যলয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক । কিন্তু তেওঁ হাইলাকান্দি চহৰতে থাকি গৃহ শিক্ষকৰ ৰূপত কাম কৰি আছিলে বুলি জানিব পৰা গৈছে ।