জাগীৰোডত মন্ত্রী পীয়ুষ হাজৰিকাই আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে
নিউজ ডেস্ক,৪জানুৱাৰী: কিছুদিন পূর্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে পৰিয়াল আৰু সমাজ কল্যাণ বিভাগে এক হাজাৰ অংগনৱাড়ী কেন্দ্রক আদৰ্শ অংগনৱাড়ী কেন্দ্রলৈ বাস্তবায়িত কৰাৰ প্ৰয়াস কৰিছিল আৰু সেই উদ্দেশ্যেই কেবিনেট মন্ত্রী পীয়ুষ হাজৰিকাই আজি জাগীৰোডত ছটা আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্র সমুহ হৈছে মৰাকলং প্ৰাথমিক বিদ্যালয়, চলিগাও প্ৰাথমিক বিদ্যালয়, সিধাবাৰী প্ৰাথমিক বিদ্যালয়, মাজ মিকিৰ গাও প্ৰাথমিক বিদ্যালয়, ভোমোৰাগুৰী অংগনৱাড়ী কেন্দ্র আৰু নখলা প্ৰাথমিক বিদ্যালয় অংগনৱাড়ী কেন্দ্র। মন্ত্রী গৰাকীয়ে আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ আগত মন্তব্য কৰে যে এই কেন্দ্রসমূহে শিশুৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সমুহৰ উপৰিও গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মহিলাৰ সামগ্রিক বিকাশৰ আৰু পৰ্যাপ্ত পুষ্টি যোগানৰ ক্ষেত্রতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।