জম্মু-কাশ্মীৰত পাকিস্তানৰ দুই সন্ত্ৰাসবাদী নিহত
জম্মু-কাশ্মীৰৰ শ্বপিয়ানৰ সংঘৰ্ষত দুজন পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদী নিহত হয়। শনিবাৰে শ্বপিয়ানৰ সংঘৰ্ষত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয়। আৰক্ষীৰ মতে আজি পুৱতি নিশা শ্বপিয়ানৰ চৌগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয়। এই সংঘৰ্ষৰ পিছতেই অস্ত্ৰ-শস্ত্ৰ আৰু গোলাদ বাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। কাশ্মীৰৰ জোন আৰক্ষীয়ে এতিয়াও এই সন্দৰ্ভত তদন্ত চলাই আছে।