Local, Vocal, Global

জন্মদিনৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাংগলিক শুভাৰম্ভ কৰে গুৱাহাটীৰ জু-ৰ’ড তিনিআলিৰ টলেনযুক্ত উৰণীয়া সেঁতু

নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটীৰ জুৰোড তিনিআলি হ’বলগা উৰণীয়া সেতু ২০২৩ চনৰ ব’হাগ মাহত ৰাইজলৈ উপহাৰ দিয়া হ’ব। চিৰিয়াখানাৰ সন্মুখত যানজঁট কমাবলৈ এখন ৰটাৰী নিৰ্মাণ কৰা হ’ব। উৰণীয়া সেতুৰ ওপৰৰ লগতে তলতো যান বাহন চলাৰ ব্যৱস্থা আৰু পথাচাৰীক সমানে গুৰুত্ব দিয়া হ’ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

একেদৰেই মালিগাঁৱত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো সোনকালে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কামো ক্ষীপ্ৰতাৰে কৰি থকা হৈছে। ছেটেলাইট চিটি এখনৰ আমি সপোণ দেখিছো।দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এই মাহৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।’’

জুৰোডৰ উৰণীয়া সেতু নিৰ্মাণ সম্পূৰ্ণ হ’লেই গুৱাহাটী ক্লাব আৰু বামুণীমৈদাম সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত ল’ম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই সেতুখন হ’ব চাৰিলেণযুক্ত। চাৰিয়াখানাৰ সন্মুখত আৰু পল্টনবজাৰ হ’ব ফুট অভাৰ ব্ৰীজ।

মহানগৰীত বহুকেইটা এয়াৰ কণ্ডিচন বাছ ষ্টপেজৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আগষ্ট মাহৰ ভিতৰতে হেঙেৰাবাৰী উদ্যান ৰাইজক উপহাৰ দিম বুলি কয় ড০ শৰ্মাই। চানমাৰিত এখন শ্ৰদ্ধাঞ্জলি কাননৰ নিৰ্মাণ কৰা হ’ব।