জনপ্ৰিয় টিক-টক তাৰকা মেঘা ঠাকুৰৰ মৃত্যু

জনপ্ৰিয় টিকটক তাৰকা মেঘা ঠাকুৰৰ মৃত্যু৷ শৰীৰৰ বাবে ইতিবাচক ভিডিঅ’ তৈয়াৰ কৰিছিল৷ পিতৃ-মাতৃয়ে মৃত্যুৰ কথা ঘোষণা কৰিছে।
ভাৰতীয় বংশোদ্ভূত কানাডিয়ান যুৱতীগৰাকীৰ ২৪ নৱেম্বৰত “হঠাতে আৰু অপ্ৰত্যাশিতভাৱে” মৃত্যু হয়৷ তাইৰ পিতৃ-মাতৃয়ে তাইৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাত এক বিবৃতিত কয় এই কথা।
“গধুৰ হৃদয়েৰে আমি আমাৰ জীৱনৰ পোহৰ, আমাৰ দয়ালু, যত্নশীল আৰু ধুনীয়া ছোৱালী মেঘা ঠাকুৰৰ ২৪ নৱেম্বৰ, ২০২২ তাৰিখে পুৱাৰ ভাগত হঠাতে আৰু অপ্ৰত্যাশিতভাৱে মৃত্যু হোৱাৰ কথা ঘোষণা কৰিছো’ বুলি কয় পিতৃ-মাতৃয়ে৷
কানাডাৰ অণ্টাৰিঅ’ৰ ব্ৰেম্পটনত বাস কৰে পৰিয়াল৷ শৰীৰৰ ইতিবাচকতা আৰু আত্মবিশ্বাসৰ বিষয়ে ভিডিঅ’ৰ বাবে টিকটক আৰু ইনষ্টাগ্ৰামত জনপ্ৰিয় হৈছিল৷ টিকটকত তাইৰ ৯ লাখতকৈও অধিক অনুসৰণকাৰী আছিল আৰু ইনষ্টাগ্ৰামত ১ লাখতকৈও অধিক অনুসৰণকাৰী আছিল।