জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠক
নিউজ ডেস্ক, ২ ফ্ৰেব্ৰুৱাৰীঃ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ
বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত–
🔹৯৫৮ কোটি টকাৰে ৰাজ্যৰ ১১৪ টা মথাউৰিৰ ওপৰত পকী পথ আৰু ৬ খন দলং বনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াত প্ৰায় ১ হাজাৰ কিলোমিটাৰ মথাউৰি সামৰি লোৱা হ’ব। লগতে মথাউৰিৰ সংৰক্ষণ হ’ব। ইয়াৰ যোগেদি গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়নত সহায়ক হ’ব।
🔹তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি আবণ্টন দিছে
🔹১ হাজাৰ ৩১ কোটি টকা আৱণ্টন দিয়া হৈছে ৰাজ্যৰ ৫ টা মূল পথৰ বাবে।
🔹মৰিয়নি নগৰত বাস কৰা বহু লোকৰ মাটিৰ পট্টা নাছিল। আজিৰ পৰা ১০৩ টা পৰিয়ালক ভূমিৰ আৱণ্টন প্ৰক্ৰিয়া আৰম্ভ হ’ব।
🔹শিলচৰ পৌৰসভাক এতিয়াৰে পৰা পৌৰনিগম হিচাপে ধৰা হ’ব
🔹যোৰহাটৰ ৰৰৈয়া বিমানকোঠৰ সম্প্ৰসাৰণৰ বাবে ১৫৬.৯ কোটি টকা আৱণ্টন দিছে কেবিনেটে
🔹জলজীৱনৰ মিছনৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা হয় কেবিনেটত। ১০ লাখ মেট্ৰিকটন ধান কিনাৰ বাবে প্ৰস্তুতি কৰা হৈছে। এতিয়া বজাৰত প্ৰতিকুইণ্টল ধানৰ দাম হৈছে ১০০০ টকা। কিন্তু FCIয়ে যদিহে ক্ৰয় কৰে তেন্তে ১৯০০ টকালৈকে কৃষকসকলে লাভ কৰিব
🔹কেন্দ্ৰীয় বাজেটক লৈও কেবিনেটত আলোচনা হয়। অসমে বাজেটৰ পৰা কি কি পাব সেই সম্বন্ধেও বিস্তৃত ৰূপত আলোচনা হয়