Local, Vocal, Global

ছোৱালীৰ বিয়াৰ বয়স কিমান নতুনকৈ সিদ্ধান্ত ল’ব কেন্দ্ৰইঃ মোদী

দেশত ছোৱালীৰ বিয়াৰ বয়স কিমান হ’ব৷ এই সন্দৰ্ভত যথাসম্ভৱ শীঘ্ৰেই নতুনকৈ সিদ্ধান্ত ল’ব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুকুৰবাৰে হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ছোৱালীৰ বিয়াৰ বয়স নতুনকৈ নিৰ্ধাৰণৰ বিষয়টো পুংখানুপুংখভাৱে পৰ্যালোচনা কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে৷ সম্প্ৰতি দেশত ছোৱালীৰ ক্ষেত্ৰত বিয়াৰ ন্যূনতম বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰি থোৱাৰ বিপৰীতে ল’ৰাৰ বয়স ২১ বছৰ হিচাপে চিহ্নিত হৈ আহিছে৷ অৱশ্যে কেন্দ্ৰই বৰ্তমান কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আনুষ্ঠানিকভাৱে এইপৰ্যন্ত ঘোষণা কৰা নাই৷