ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন
নিউজ ডেস্ক,২ ফ্ৰেব্ৰুৱাৰীঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক ছিপাঝাৰ ছাত্ৰ সন্থাৰ শ্বহীদ দিৱসত ছিপাঝাৰ শ্বহীদ ভৱনৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে। এই অনুষ্ঠানটোৰ আঁত ধৰে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুমন বৰদলৈয়ে।জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আন্দোলনত ছিপাঝাৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ২৩ গৰাকী ব্যক্তিৰ শ্বহীদ হৈছিল । ক’ভিড-১৯ৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি অনুষ্টুপীয়াকৈ শ্বহীদ দিৱসটি পালন কৰে। পুৱা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ন কৰে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষীনন্দন বনিয়া আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে। লগতে এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কমলজিৎ শৰ্মাকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।