Local, Vocal, Global

চৰকাৰে দিব নোৱাৰিলে ন্যায়, এবছৰে কান্দি সময় পাৰ কৰিলে অনিমেষৰ মাতৃয়ে

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল অভি-নীল হত্যাকাণ্ড৷ ২০১৯ চনৰ ৩১ আগষ্টত যোৰহাটৰ টিয়ক চাহ বাগিচাত বৰ্ষীয়ান চিকিৎসক দেৱেন দত্তক কৰা হৈছিল হত্যা৷ তাৰ পাছতে এবছৰ পূৰ্বে আজিৰ দিনটোতে সংঘটিত হৈছিল অনিমেষ হত্যা কাণ্ড৷ এই হত্যাকাণ্ডসমূহৰ ধৰণ একেটাই আছিল৷ একাংশ উন্মাদ লোকৰ গণ প্ৰহাৰ৷ অভি-নীল, দেৱেন দত্তৰ হক্যাকাণ্ডৰ পৰা একাংশ নৰপিশাচে শিক্ষা নোলোৱাৰ ফলতে যোৰহাটত দিন-দুপৰতে অনিমেষৰ হত্যা সংঘটিত হৈছিল৷ এই হত্যাকাণ্ডক সহজে ল’ব পৰা নাছিল ৰাজ্যবাসীয়ে। এগৰাকী জাতীয়তাবাদী যুৱকক ৰাজপথতে নিৰ্মম ভাৱে হত্যা কৰা হৈছিল৷

সিদিনা বিশেষ কাম লৈ দেৰগাঁৱৰ পৰা যোৰহাট নগৰলৈ গৈছিল অনিমেষ ভূঞা৷ যোৰহাটৰ নিৰ্মল চাৰিআলিৰ এ.টি ৰোডত এগৰাকী লোক স্কুটীৰ পৰা বাগৰি পৰিছিল৷ সেই সময়তে স্কুটীৰ পৰা পৰি যোৱা আদহীয়া লোকজনক অনিমেষে সহায় কৰিবলৈ গৈছিল৷ কিন্তু লোকজনে ওলোটাই হৈ-হাল্লা কৰি মানুহ গোট খুৱাই৷ তাৰ লগে লগে প্ৰায় ১৫ গৰাকী উদণ্ড যুৱকে অনিমেষ আৰু এগৰাকী সাংবাদিকক প্ৰহাৰ কৰে৷ উন্মাদ নৰপিশাচে মৰিয়াই মৰিয়াই হত্যা কৰে আছুৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক। স্কুটি চলাই আহি পথত বাগৰি পৰা মোহন দাস নামৰ লোকজনৰ পুত্ৰ আছিল হত্যা কাণ্ডৰ মূল অভিযুক্ত৷

অনিমেষ ভূঞাৰ হত্যাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অসম আৰক্ষীয়ে বিফল হোৱাৰ লগতে গৃহ বিভাগ বিফল হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ যোৰহাট আৰক্ষীয়ে ব্যাপক অভিযান চলাই মূল অভিযুক্ত কলা ল’ৰা ওৰফে নীৰজ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ থকা ক’লা লৰাক নিশাই কোনো স্থান দেখুৱাই দিবলৈ লৈ গৈছিল আৰক্ষীয়ে৷ তেনে সময়তে আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰাৰ সময়তে আন এখন আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হয় কলা ল’ৰা৷

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী অনিমেষ ভূঞাৰ মৃত্যুৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল৷ ৰাজপথত উদণ্ড লোকৰ আক্ৰমণৰ বলি হৈ অকালতে মৃত্যুক আকোৱালি লোৱা আছুৰ অক্লান্ত কৰ্মী অনিমেষ ভূঞা৷ অনুমেষৰ হত্যাকাণ্ডই কেৱল ৰাজ্যৰ নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চিত হৈছিল৷ ৰাজপথত সাধাৰণ কথাৰ গইনা লৈ কেইজমান মান দানৱীয় প্ৰবৃত্তিৰ লোকে অনিমেষ ভূঞাক প্ৰহাৰ কৰি হত্যা কৰিছিল৷ দেৰগাঁৱৰ অনিমেষ ভূঞাক যোৰহাট টাউনত গণ প্ৰহাৰৰ বলি হৈ মৃত্যুক আকোৱালি লৈছিল৷ দেৰগাঁৱৰ খকন্দগুৰিত ঘৰ আছিল ছাত্ৰ নেতা অনিমেষ ভূঞাৰ৷ অনিমেষ ভুঞাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত উচুপি উঠিল অনিমেষৰ মাতৃ৷ মাতৃয়ে কয় ‘লুকাই লুকাই সদায় কান্দো৷ অনিমেষৰ ভায়েকৰ মুখলৈ চাই ধৈৰ্য্য ধৰি আছো৷ উচিত ন্যায় পালে অনিমেষৰ আত্মাই শান্তি পাব’৷

অনিমেশ ভূঞা লিন্সিং গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে এমাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰাৰ কথা আছিল। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি.পি সিঙে যোৰহাট ভ্ৰমণ কৰি গোচৰটোৰ তদন্ত সঠিক অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত সাক্ষী থকাৰ লগতে সোনকালে জীৱিত অভিযুক্ত কেইজনক শাস্তি দিয়াৰ ঘোষণা কৰিছিল৷তদন্ত ১০-১২ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰো কথা কৈছিল জি.পি সিঙে৷ নৱেম্বৰ মাহত সংঘটিত ঘটনাৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত অভিযোগপত্ৰ দাখিল কৰাৰ কথা আছিল যদিও গোচৰ প্ৰক্ৰিয়া বিলম্ব হোৱাত আজিলৈ অভিযুক্তই নাপালে শাস্তি৷