চোৰাং চিকাৰী আব্দুল মতিনক গুলীয়ালে দৰং আৰক্ষীয়ে…

দলগাঁও আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে চোৰাংচিকাৰীক ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে চোৰাংচিকাৰীলৈ গুলীওৱাত ভৰিত গুলী লগি আঘাতপ্ৰাপ্ত হয়৷ চিকাৰীজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ধনশ্ৰী নৈৰ পাৰত এটা •৩০৩ ৰাইফল পুতি ৰাখে৷ আৰক্ষীয়ে নিশা তালাচী চলোৱাৰ সময়ত সুশীল বৰুৱা নামৰ ইউ বি চিপাহীজনক বুকুত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰি আব্দুল মতিন পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে চোৰাংচিকাৰী জনৰ ভৰিত গুলীচালনা কৰে৷ ঘটনাত আহত চিপাহী জনৰ সৈতে চোৰাংচিকাৰীজনক মংগলদৈ চিভিল হস্পিতাললৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা দুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল মতিন ওৰফে কালাক পৰহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দৰং আৰক্ষীয়ে৷ আব্দুল মতিন ওৰফে কালা বৰ্তমান মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে।