চীনৰ সামগ্ৰীয়েই নহয়, নাগৰিককো নিষিদ্ধ ভাৰতত

গালৱান কাণ্ডৰ পিছৰে পৰা চীন ভাৰতৰ মাজত বৃদ্ধি পাই থকা সংঘাতে এতিয়া শিপাইছে দুয়ো দেশৰ নাগৰিকৰ মনতো। এই ক্ষেত্ৰত যেন আগবাঢ়ি আছে ভাৰতীয় সকল। চীনা সেনাৰ জিঘাঙসাৰ বলি হোৱা ভাৰতীয় জোৱান কেইজনৰ কথা কোনেনো পাহৰিব পাৰে! যি সময়ত চীনক আৰ্থিকভাৱে আঘাত দিবলৈ ভাৰতবৰ্ষত চীনত নিৰ্মাণ কৰা সকলো সামগ্ৰী বৰ্জনৰ জোৱাৰ উঠিছে, একে সময়তে আৰু এখোজ আগবাঢ়ি চীনৰ পৰা অহা নাগৰিক সকলকো বৰ্জনৰ কথা চিন্তা কৰিছে একাংশই। এই খবৰ আহিছে দেশৰ ৰাজধানী দিল্লীৰ পৰা। দিল্লীৰ প্ৰায় ৩০০০ হোটেল আৰু অতিথিশালা কৰ্তৃপক্ষৰ উমৈহতীয়া মঞ্চ দিল্লী হোটেল এণ্ড গে’ষ্ট হাউচ অনাৰ এছোছিয়েছন নামৰ সংস্থাটোৱে এক প্ৰস্তাৱ লৈছে তেওঁলোকৰ অধীনস্থ হোটেল আৰু অতিথিশালা সমূহত কোনো চীনা লোকক আশ্ৰয় নিদিয়াৰ। চীনে ভাৰতৰ প্ৰতি শেহতীয়াকৈ যি শত্ৰুতামূলক আচৰণ আৰু ব্যৱহাৰ দেখুৱাইছে, তাৰেই সমুচিত উত্তৰ দিয়াৰ বাবে লোৱা হৈছে এনে প্ৰস্তাৱ।