Website Design: dastechnologies.in
পুনৰ ছাত্ৰ মুক্তিৰ নেতাক এন আই এ ৰ জাননী৷ ৭ তাৰিখে চাবুৱা থানাত হাজিৰ হ’বলৈ নির্দেশ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক জগজিৎ গোহাঁইক। ছাত্ৰ মুক্তিৰ অভিযোগ নাগৰিকত্ব সংশোধনী আইনক লৈ চৰকাৰৰ লগত আপোচ নকৰাৰ বাবেই অখিল গগৈৰ লগতে কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ওপৰত চৰকাৰৰ দ্বাৰা পৰিচালিত NIA ৰ ষড়যন্ত্ৰমূলক দমন নীতি। উল্লেখ্য যে পূৰ্বেও ডেৰমাহ ধৰি কাৰাবাস খাটিছিল ছাত্ৰ মুক্তিৰ নেতা জগজিৎ গোহাঁইয়ে৷