Local, Vocal, Global

চাৰিচকীয়া বাহনৰ বাবে বাধ্যতামূলক হ’ল দুটা এয়াৰবেগ, অহা ১ এপ্ৰিলৰ পৰা নীতি প্ৰযোজ্য

 

অহা এপ্ৰিলৰ মাহৰ পৰা চাৰিচকীয়া বাহনসমূহৰ বাবে বাধ্যতামূলক হ’ব দুটা এয়াৰবেগ। সম্মুখৰ আসনত বহা যাত্ৰী দুজনৰ সুৰক্ষাৰ স্বাৰ্থত বাহনৰ সনূখত থাকিব লাগিব দুটাকৈ এয়াৰবেগ। এই বাধ্যতামূলক নিয়মাৱলীটো পথ পৰিৱহন মন্ত্ৰী নিতিন গাডকাৰীয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অহা ১ এপ্ৰিলৰ পৰা সকলো চাৰিচকীয়া বাহনৰ বাবে প্ৰযোজ্য হ’ব এই নীতি।