Local, Vocal, Global

চাকৰি মেলা অনলাইন হ’ব: পাতোৱাৰী

নিউজ ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মৰ্মে দক্ষতা নিযুক্তি আৰু উদ্যোগবিভাগে পৰৱৰ্তী চাকৰি মেলা অনলাইনযোগে আয়োজন কৰিব। শেহতীয়াকৈ অনুষ্ঠিত হোৱা চাকৰি মেলাসমূহত সমগ্র অসমত বিশাল জনসমাগমৰ কথা বিবেচনা কৰি শণিবাৰে দক্ষতা, নিযুক্তি আৰু উদ্যোগমন্ত্ৰী চন্দ্র মোহন পাটোৱাৰীয়ে এই ঘোষণা কৰে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি পাতোৱাৰীয়ে কয় যে মেলাখনত আন জিলাসমূহে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে। তেঁও এই সত্যটো স্বীকাৰ কৰিছিল যে গুৱাহাটী জব মেলা স্থানত “কিছু বেমেজালি” আছিল। তেঁও দাবী কৰিছিল যে এই বেমেজালিৰ বাবে বিষয়াসকল দায়বদ্ধ আৰু ইয়াৰ লগত জড়িত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।