Local, Vocal, Global

গুৱাহাটীৰ কামাখ্যা গেটত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : মঙ্গলবাৰে দুপৰীয়া গুৱাহাটী কামাখ্যা গেটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন গাড়ী আৰু এখন বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত অতি কমেও তিনিজন লোক গুৰুতৰভাৱে আহত আৰু এজন লোক থিতাতে নিহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই চালকক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছিল একাংশ লোকৰ আৰু এই কাৰ্যত বাধা দিয়াৰ বাবেই যান বাহন আৰক্ষীক প্ৰহাৰ কৰিলে একাংশ উদণ্ড যুৱকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰহাৰ কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে, মঙ্গলবাৰে দিনৰ প্ৰায় ১ মান বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত লোকজন প্ৰশান্ত চাকচেনা বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত লোকসকল ক্ৰমে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ, দীপাংকৰ দাস বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত লোক কেইজনক GMCH লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।