গুজৰাটত এন চি বি আৰু ভাৰতীয় নৌসেনাৰ সহযোগত ২০০০ কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক,১৩ ফ্ৰেব্ৰুৱাৰীঃ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো আৰু ভাৰতীয় নৌসেনাৰ এক যুটীয়া অভিযানত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমান্তৰ ওচৰৰ গুজৰাটৰ পৰা ২০০০ কোটি টকাৰ ৭৫০ কিলোগ্ৰামতকৈ অধিক ওজনৰ ড্ৰাগছ জব্দ কৰে।
জব্দ হোৱাৰ ভিতৰত আছে ৫২৫ কিলোগ্ৰাম হাচিছ আৰু ২৩৪ কিলোগ্ৰাম উৎকৃষ্ট মানদণ্ডৰ স্ফটিক মেথাম্ফেটামিন। উদ্ধাৰ হোৱা ড্ৰাগছৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ২০০০ কোটি টকা।
পাকিস্তানৰ পৰা অহা ড্ৰাগছবোৰ সাগৰীয় পথেৰে মাছ ধৰা নাৱত কঢ়িয়াই নিয়াৰ সময়ত জব্দ কৰে।
