Local, Vocal, Global

গহপুৰৰ এখন বিদ্যালয়ে দেখুৱাইছে অসম চৰকাৰৰ শিক্ষানুষ্ঠানৰ ফোপোলা স্বৰূপ

নিউজ ডেস্ক, ২৭ এপ্ৰিল:- অসমৰ চৰকাৰী শিক্ষা খণ্ডত ছাত্ৰ-ছাত্ৰীৰ অভাৱত বিদ্যালয় বন্ধ কৰিব লগা হৈছে, তেনে সময়তে গহপুৰৰ ডাৰুপাৰা প্ৰাৰ্থমিক বিদ্যালয়ত দেখা গ’ল সম্পূৰ্ণ বিপৰীত দৃশ্য ।

গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ত গোহালি সদৃশ পৰিবেশত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে কণ-কণ
ছাত্ৰ-ছাত্ৰীয়ে ।

গহপুৰৰ খাৰৈপৰীয়া পঞ্চায়তৰ অন্তৰ্গত ডাৰুপাৰা এখন প্ৰাৰ্থমিক বিদ্যালয়ত বহু কষ্টৰে শিক্ষকে পাঠদান অব্যাহত ৰাখিছে ।

২০১৩ চনতে প্ৰাদেশিকৃত হোৱা বিদ্যালয় খনত আজোকপতি বাঁহৰ বেৰৰ জৰাজীৰ্ণ অবস্থাৰেই তিনি গৰাকীকৈ শিক্ষকে পাঠদান প্ৰদান কৰিছে কণ -কণ ছাত্ৰ-ছাত্ৰীক ।

গহপুৰৰ খাৰৈপৰীয়া পঞ্চায়তৰ অন্তৰ্গত ডাৰুপাৰা প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে একেটা কোঠালিতে পাঁচোটাকৈ শ্ৰেণীৰ পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে ।

মিচিং জনবসতি প্ৰধান অঞ্চলত স্থিত বিদ্যালয় খনত ৰ’দ -বতাহৰ পৰা ৰক্ষা পাবলৈ দিয়া নিয়ম মাফিক বাঁহৰ জলঙা ওলোৱা বেৰে অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ফোপোলা স্বৰূপটো উদঙাইছে মাত্ৰ ।

বিদ্যালয় খনৰ জৰাজীৰ্ণ অবস্থাৰ অবসান ঘটাই এটা সুষ্ঠ পৰিবেশ গঢ়ি তুলিবলৈ অভিভাৱক তথা ৰাইজে বিভাগ তথা চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।