Local, Vocal, Global

গণৰাজ্য দিৱসৰ পেৰেডত উজলিব ৰাজ্যৰ চাহ বাগিচা

এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্রতীকপটৰ বিষয় হৈছে চাহ বাগিচা৷ ইতিমধ্যে ইয়াৰ বাবে সংশ্লিষ্ট কেন্দ্রীয় মন্ত্রালয়ৰ পৰা লাভ কৰিছে অনুমোদন৷ প্রাপ্ত তথ্য অনুসৰি এই প্রতীকপটত চাহ বাগিচাসমূহৰ দৈনিক কাম–কাজ, উৎপাদন পদ্ধতিৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতিও প্রদর্শন কৰা হ’ব৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণৰ বাবে এইবাৰ দিল্লীত কেন্দ্রীয়ভাৱে আয়োজন কৰিবলগীয়া গণৰাজ্য দিৱসৰ কার্যসূচীত বিভিন্ন সালসলনি ঘটোৱা হৈছে৷ বিশেষকৈ হ্রাস কৰা হৈছে দর্শকৰ সংখ্যা৷এইবাৰ এক লাখ দর্শকৰ পৰিৱর্তে পেৰেডত ২৫ হাজাৰ দর্শকক অনুমতি দিয়াৰ সম্ভাৱনা আছে৷ সেইদৰে পেৰেডৰ স্থানৰো কিছু সালসলনি ঘটাৰ সম্ভাৱনা আছে৷

তদুপৰি এই প্রতীকপটত চাহ বাগিচাৰ দৃশ্য প্রদর্শন কৰাৰ লগতে সমর্থনকাৰী সদস্য হিচাপে অংশগ্রহণ কৰিব লগা লোকসকলে সম্পন্ন কৰিব লাগিব ক’ভিড পৰীক্ষা৷ ক’ভিড নিগেটিভ প্রমাণ–পত্র দাখিল কৰিলেহে তেওঁলোকক দিল্লীত অনুশীলনত অংশগ্রহণৰ অনুমতি দিয়া হ’ব৷ আজি প্রতীকপট নির্মাণৰ বাবে নির্মাণকাৰী সংস্থাক অর্পণ কৰা হৈছে ট্রেইলাৰ৷ দিল্লীৰ ডিফেন্স কলনীত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই প্রতীকপট নির্মাণৰ কাম সম্পূর্ণ কৰা হ’ব৷