কৰ্ণাটকত বজৰংগ দলৰ কৰ্মকৰ্তাক ৰহস্যজনক হত্যাকাণ্ড

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী: দেওবাৰে নিশা কৰ্ণাটকৰ শিৱমোগাত এজন ২৩ বছৰীয়া যুৱকক ৰহস্যজনক হত্যা। এই ঘটনাৰ পিছতে সমগ্ৰ শিৱমোগাত উত্তেজনা হোৱাত আৰক্ষীয়ে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে। বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষা প্ৰতিষ্ঠান। কোনো দুৰ্বৃত্তই শিৱমোগাৰ ভাৰতী কলনীস্থিত কামত পেট্ৰ’ল পাম্পৰ সমীপত যুৱকজনক হত্যা কৰে। এতিয়ালৈ হত্যাৰ কাৰণ পোহৰলৈ অহা নাই যদিও জানিব পৰা মতে মৃত যুৱকজন আছিল বজৰংগ কৰ্মকৰ্তা।
আনহাতে, বৰ্তমান শিৱমোগাত পৰিস্থিতি উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণাধীন। কৰ্ণাটকৰ গৃহ মন্ত্ৰী অৰগা জ্ঞানেন্দ্ৰই মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। আৰক্ষীয়ে এক টাস্ক ফ’ৰ্চ গঠন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।