Local, Vocal, Global

ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ;গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLক্ৰিকেটৰ দুখনকৈ খেল…

অসমবাসীৰ বাবে সুখবৰ।গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLক্ৰিকেট।গুৱাহাটীৰ বৰ্ষাপাৰাত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ খেল।এই কথা সদৰি কৰিলে ক্ৰিকেট সন্থাৰ সভাপতি থথা নাহৰকটীয়া যুৱ বিধায়ক তৰংগ গগৈয়ে।এই টুৰ্ণামেন্টখনত ৫ এপ্ৰিলৰ দিনা ৰাজস্থান ৰয়েলছে পঞ্জাব কিংছ ইলেভেন আৰু ৮ এপ্ৰিলৰ দিনা দিল্লী কেপিটেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটোৱে বৰ্ষাপাৰা ষ্টেডিয়ামত উপস্থিত হৈ অনুশীলন কৰিব।এই খেল খনৰ টিকট কেতিয়াই মুকলি কৰিব এই কথা অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষৰ লগত বৈঠক অনুষ্ঠিত কৰি সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিব …