Local, Vocal, Global

কোহলী বিহীন ভাৰতক কিদৰে নেতৃত্ব দিব ৰোহিতে? 

নিউজ ডেস্কঃ  সমাগত শ্ৰীলংকা শৃংখলা ৷ ৱেষ্ট ইণ্ডিজক ধৰাশায়ী কৰি এইবাৰ শ্ৰীলংকা ব্ৰিগেডৰ সন্মুখত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। দুয়োটা দলে ২৪ ফ্ৰেব্ৰুৱাৰীত প্ৰথমখন টি-২০খেলিব।খেলখন অনুষ্ঠিত হ’ব লক্ষ্নৌত। কিন্তু মাজত মাথো কেইটামান মুহূৰ্ত থকাৰ সময়তে ভাৰতীয় শিবিৰত বিপৰ্যয়ে লগ নিদিয়া হৈছে।এটাৰ পাছত আনটো দুঃসংবাদে চুই গৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। দীপক চাহাৰৰ পাছত আন এজন ক্ৰিকেটাৰক শ্ৰীলংকা শৃংখলাৰ পৰা বাদ দিয়া হৈছে। হাতৰ আঘাতৰ বাবে টি-২০ শৃংখলাত খেলিব নোৱাৰে সূৰ্যকুমাৰ যাদৱে। ছন্দত থকা এই বেটাৰ গৰাকী ভাৰতীয় দলত থাকিব নোৱাৰাটো এটা ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে।তথ্য় অনুসৰি,  আসন্ন শ্ৰীলংকা শৃংখলাত নাই বিৰাট কোহলী আৰু ঋষভ পন্ত । এনে পৰিস্থিতিত ভাৰতীয় দলৰ বেটিং বিভাগৰ বাবে সূৰ্যকুমাৰ যাদৱক লৈ গভীৰ আশা আছিল ভাৰতৰ।

কোহলী বিহীন ভাৰতক কিদৰে নেতৃত্ব দিব ৰোহিতে? 

কিন্তু হাতৰ আঘাতৰ বাবে ৩১ বছৰীয়া এই বেটছমেন গৰাকীয়ে দলৰ হৈ খেলিব নোৱাৰিব ৷ উল্লেখ্য় যে, ২০ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফিল্ডিং কৰি থকা সময়তে খেলুৱৈগৰাকীয়ে হাতত আঘাত পাইছিল। টি-২০ শৃংখলাত শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা লাভ কৰিছিল খেলুৱৈগৰাকীয়ে। তিনিখন খেলত ১০৭ ৰান সংগ্ৰহ কৰিছিল ভাৰতীয় বেটাৰ গৰাকীয়ে।আনহাতে, মঙলবাৰে দীপক চাহাৰে আঘাতৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব নোৱাৰে বুলি প্ৰকাশ পাইছিল।ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন খেলত বলিং কৰোতে আঘাত পাইছিল চাহাৰে। আঘাতৰ বাবে দ্বিতীয় অ’ভাৰৰ মাজভাগতে খেলপথাৰ এৰিছিল ভাৰতীয় পেচাৰগৰাকীয়ে।  কোহলী বিহীন ভাৰতক ৰোহিতে কিদৰে নেতৃত্ব দিয়ে সেয়া সময়তহে হ’ব লক্ষ্যণীয় !