Local, Vocal, Global

কোভিড-১৯ এ ৩.২ কোটি মধ্যবিত্ত ভাৰতীয়ক ঠেলি দিছে দাৰিদ্ৰৰ মুখলৈ

মহামাৰী ক’ৰনা ভাইৰাছে ৩.২ কোটি মধ্যবিত্ত ভাৰতীয়ক দাৰিদ্ৰৰ মুখলৈ ঠেলি দিছে ৷ কৰ্ম সংস্থাপন হেৰুৱাই পেলাইছে লাখ লাখ মধ্যবিত্ত পৰিয়ালে৷ এই ভয়াৱহ কাল চোৱাত কৰ্মহীন লোকৰ সংখ্যা ভাৰতত ক্ৰমশঃ বৃদ্ধি হোৱা পৰিলক্ষিৎ হৈছে ৷ কৰ্মসংস্থাপন হেৰুৱাই দৰিদ্ৰ সীমা ৰেখাৰ তললৈ পৰ্যবসিত হৈছে অগণন লোক ৷  বৰ্তমান সময়ত কৰ্মসংস্থাপন হেৰুৱাই পেলোৱা লোক সকলৰ জীৱিকা প্ৰতিদিনে নিম্নগানী হৈছে ৷ উল্লেখ্য যে প্ৰতি দিনে ৭২৫-১,৪৫০  টকা উপাৰ্জন কৰা সকলক মধ্যবিত্ত বুলি এক গৱেষনাত চিহ্নিত কৰা হৈছে৷