Website Design: dastechnologies.in
আমেৰিকাৰ জৰ্জ ফ্লইড অথবা আমাৰ অসমৰে অভি-নীল,সনাতন ডেকা কিম্বা দেৱাশীষ নহয়।এইবাৰ মানৱৰূপী দানৱৰ বৰ্বৰতা এক নিৰ্বোধ-নিস্পাপ বন্যপ্ৰাণীৰ ওপৰত। ইতিমধ্যে চ’ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰা কেৰেলাত সংঘটিত এই নৃশংস ঘটনাৰ বিৰূদ্ধে দেশজুৰি ধিক্কাৰৰ জোৱাৰ উঠিছে।
কেৰেলাৰ পালাক্কাৰস্থিত চাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এজনী ১৫ বছৰীয়া গৰ্ভৱতী হাতী । ভোকত আতুৰ হাতীটোৰ প্ৰতি এক পাষানে আগবঢ়াই দিছিল স্থানীয় গাওঁবাসীয়ে সাজু কৰি থোৱা এটা আনাৰস। পেটত সন্তান লৈ খাদ্যৰ সন্ধান কৰা নিৰ্বোধ হাতীটোৱে আনন্দ মনে শুৰেৰে মেৰিয়াই মুখত ভৰাই লৈছিল আনাৰসটো।কিন্তু মুখলৈ নিয়াৰ মাত্ৰকে বিস্ফোৰণ ঘটিছিল আনাৰসটোৰ।মুখৰ ভিতৰত বিস্ফোৰণ ঘটি জিভা,মুখমণ্ডল জ্বলি যোৱাৰ ফলত ছটফটাবলৈ ধৰা হাতীটোৰ যন্ত্ৰণা দেখি অট্টহাস্যত উন্মাদ হৈ পৰিছিল দূৰৈৰ পৰা চাই থকা মানুহৰূপী পাষান হৃদয়। গৰ্ভৱতী এক নিৰ্বোধ প্ৰাণীক খাদ্যৰ মাজত বিস্ফোৰক মিলাই তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি যেন পৃথিৱী জয় কৰাৰ এক পাশৱিক উন্মাদনাত মতলীয়া হৈছিল স্থানীয় একাংশ নৰপিশাচ।
যন্ত্ৰনাত ছটফটায়ো কাৰো অনিষ্ট সাধন নকৰাকৈ নিকটৱৰ্তী মাল্লাপূৰমৰ ভেল্লিয়াৰ নদীলৈ নামি গৈছিল হাঁতীটো। অগ্নিদগ্ধ মুখমণ্ডল পানীত জুবুৰিয়াই জীৱন ৰক্ষাৰ আপ্ৰান চেষ্টা চলোৱা হাঁতীটোৰ উশাহ এটা সময়ত স্তব্ধ হৈ পৰিছিল।পানীৰ মাজত থিয় হৈয়েই কৰুণ মৃত্যুক আকোৱালি লোৱা হাঁতীটোৰ সৈতে ভূমিস্থ হোৱাৰ পূৰ্বেই নিস্প্ৰাণ হৈ পৰিছিল পেটৰ পোৱালিটো।
জীৱশ্ৰেষ্ঠৰ বৰ্বৰতাৰ বলি হোৱা নিৰ্বোধ হাঁতীটোৰ এই কৰুন কাহিনী মৃত হাঁতীটোক উদ্ধাৰৰ বাবে অহা এগৰাকী বন বিষয়াই প্ৰথমে চ’ছিয়েল মিডিয়াত প্ৰকাশ কৰে।লগে লগে তেওঁৰ পোষ্টটোৰ ১২ শতাধিক শ্বেয়াৰ হয়। ইয়াৰ পাছতেই কেৰেলাত সংঘটিত এই ঘটনাৰ বিৰূদ্ধে সৰৱ হৈ পৰিছে সমগ্ৰ দেশৰ প্ৰকৃতিপ্ৰেমী মহল।।