Website Design: dastechnologies.in
সৰুপথাৰত কৃষক নেতা অখিল গগৈসহ কাৰাবন্দীসকলক বিনাচৰ্তে মুক্তিৰ দাবীত ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ l সৰুপথাৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ। সোণোৱাল চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক আৱদ্ধ কৰি ৰাখিছে বুলি মন্তব্য ছাত্ৰ মুক্তি গোলাঘাট জিলা সমিতিৰ সভাপতি আকাশ দাওৰ। বিজেপি চৰকাৰ গ’ বেক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী। অতিশীঘ্ৰে যদি চৰকাৰে দাবীসমূহ মানি নলয় ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱ ।
কলগাছিয়াতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্ণা কাৰ্য্যসূচী। কৃষক নেতা অখিল গগৈ, বিতু সোনোৱাল, ধৈৰ্য্য কোঁৱৰক বিনাচৰ্তে মুক্তিৰ দাবীত আজি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখতো কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।