Website Design: dastechnologies.in
বস্ত্ৰ নগৰী শুৱালকুচিৰ পৰা আহিছে এই খবৰ। বস্ত্ৰ নগৰীত প্ৰথমজন কৰ’না আক্ৰান্ত লোকৰ ৰূপত চিনাক্ত হৈছে স্বয়ং মহকুমা চিকিৎসা বিষয়া গৰাকী । তেওঁৰ নাম ডাঃ দীপক চন্দ্ৰ দাস। শুৱালকুচি এফ আৰ ইউ ত চিকিৎসা বিষয়া গৰাকীয়ে বিভিন্ন লোকক চিকিৎসা সেৱা প্ৰদান কৰি আছিল শেহতীয়া সময়ছোৱাত। সেই ব্যস্ত চিকিৎসা বিষয়া গৰাকীয়েই কাল কৰ’নাৰ কবলত পৰা বাতৰিয়ে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে শুৱালকুচিত। শেহতীয়াকৈ ডাঃ দাসক চিকিৎসাৰ বাবে জি এম চি এইচলৈ পঠোৱা হৈছে। আনহাতে এফ আৰ ইউ খন ছীল কৰি চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে।