Local, Vocal, Global

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ ৰখা হ’ব হাতী চাফাৰী

নিউজ ডেস্ক, ২৮ এপ্ৰিল:- ১ মে’ৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্ধ ৰখা হ’ব হাতী চাফাৰী ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ মে’ৰ পৰা পৰ্যটক সকলৰ বাবে চলিত বৰ্ষৰ হাতী চাফাৰী বন্ধ কৰাৰ ঘোষণা কৰিছে।

বাৰিষাৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি ১৫ মে’ ২০২২ পৰ্যন্ত জীপ চাফাৰী খোলা ৰখা হ’ব বুলি জানিব পৰা গৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জাননীত উল্লেখ কৰা অনুসৰি বাৰিষা কালত পথৰ অৱস্থাৰ কথা বিৱেচনা কৰি ১৫ মে’ পৰ্যন্ত জীপ চাফাৰী অব্যাহত ৰখা হ’ব ।

উল্লেখযোগ্য যে, ইষ্টাৰ্ণ অসম ৱাইল্ডলাইফ ডিভিজন, বোকাখাতৰ বন সংমণ্ডলৰ বিষয়াই এই জাননী প্ৰকাশ কৰে।

ক’ভিডৰ পৰিপ্ৰেক্ষিতত বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পাছতে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যথেষ্ট ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন ঘটিছিল।