Local, Vocal, Global

কাছাৰত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ

নিউজ ডেস্ক, ৭ ফ্ৰেব্ৰুৱাৰীঃ কাছাৰত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ ৷ ডিমাহাচাও কাছাৰ সীমান্তৰ বৰখলা বান্দৰখালৰ পৰা জব্দ কৰা হৈছে প্ৰায় ২৫০০ বস্তা ইউৰিয়া সাৰ ৷ জানিব পৰা মতে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই সাৰ খিনি আনি মজুত কৰি ৰখা হৈছিল ৷ কাছাৰ আৰক্ষীৰ ভয়ত ট্ৰাকৰ পৰা  পথৰ দাঁতিত সাৰখিনি ষ্টক কৰি ৰাখিছিল সৰবৰাহকাৰী সকলে ৷ কিন্তু গোপন সূত্ৰত এই খবৰ লাভ কৰি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ এই সাৰ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ ইপিনে জানিব পৰা মতে, জব্দ হোৱা সাৰ খিনি প্ৰাক্তন উপাধক্ষ্য তথা সোনাইৰ প্ৰাক্তন বিধায়ক আমিনূল হক লস্কৰৰ ভাগিন ৰৌফ আহমেদ আৰু ৰাকিব আহমেদৰ বুলি জানিব পৰা গৈছে ৷