ক’ভিডত আক্ৰান্ত তৃণমূল কংগ্ৰেছৰ সাংসদ
নিউজ ডেস্কঃ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়ন ক’ভিড-১৯ত আক্ৰান্ত হৈছে। পজিটিভ ওলোৱাৰ পিছতেই সাংসদ ডেৰেক অ’ব্ৰায়নে টুইটযোগে এই কথা উল্লেখ কৰে যে, তেঁও ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু বৰ্তমান তেঁও নিজ বাসগৃহত জিৰণি লৈছে।তাৰোপৰি তেঁও যোৱা তিনি দিনত তেঁওৰ সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে বৰ্তমান দেশত ক’ভিডৰ সংক্ৰমণে ব্যাপকভাৱে বৃদ্ধি পাইছে। যোৱা এসপ্তাহৰ ভিতৰত ৬৬৪২ টা নতুন ক’ভিড সংক্ৰমিত ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে।