Local, Vocal, Global

কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰামৰ উদ্যোগত ধঁপাতৰ বিৰুদ্ধে গুৱাহাটীত মানৱ-শৃংখল

গুৱাহাটীঃ ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ বিৰুদ্ধে কৰ বৃদ্ধি কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে পুৱা মানৱ শৃংখলৰ দ্বাৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক এই দাবী উত্থাপন কৰে। কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰামৰ উদ্যোগত নতুন দিল্লীৰ কনজিউমাৰ ভয়েচ আৰু সেউজ অসমৰ সহযোগত আয়োজিত মানৱ শৃংখল কাৰ্যসূচীত অংশ লোৱা ছাত্র-ছাত্ৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ কৰ বৃদ্ধিৰ দ্বাৰা যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায়।

ধঁপাত বিৰোধী মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰাই প্ৰতিজন ছাত্র-ছাত্ৰীকে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা সমগ্ৰ জীৱন আঁতৰি থাকিবলৈ আহ্বান জনাই কয় যে ধঁপাত ব্যৱহাৰৰ ফলত বিভিন্ন ধৰণৰ ভয়াবহ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। মানৱ শৃংখলত অংশ লৈ কনজিউমাৰ্চ লীগেল প্ৰটেকচন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে শেহতীয়া সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰত ধঁপাত ব্যৱহাৰকাৰী দেশ হিচাপে দ্বিতীয় স্থানত আছে। দেশৰ ১৩ৰ পৰা ১৫ বছৰৰ ভিতৰৰ ছাত্র-ছাত্ৰীৰ এক পঞ্চমাংশই ধঁপাত সেৱন কৰে। কৰ বৃদ্ধিৰ জৰিয়তে ধঁপাতৰ মূল্য অধিক বৃদ্ধি কৰিলেহে ধঁপাতৰ ব্যৱহাৰ বর্তমানৰ তুলনাত বহু শতাংশ হ্ৰাস পাব বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে। মানৱ শৃংখলত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাতৰ ওপৰত কৰ বৃদ্ধিৰ জৰিয়তে যুৱ প্ৰজন্মৰ জীৱন ৰক্ষা কৰিবলৈ মুকলি আহ্বান জনায়।