এশ টকাৰ বাবেই কুঠাৰে মৰিয়াই মৰিয়াই হত্যা এজন যুৱকক
নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰী: যোৱা ২৫ ডিচেম্বৰত কলিয়াবৰৰ চুলুঙত চাৰিলেনযুক্ত পথৰ দাঁতিত উদ্ধাৰ হৈছিল তেজপুৰৰ চানমাৰিৰ দিগন্ত দাস নামৰ এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ তথ্য লাভ কৰে চুলুং আৰক্ষীয়ে। চুলুং আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিবৰ বাবে চলোৱা তীব্ৰ অভিযানত সফলতা লাভ কৰি হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আব্দুল মালিকক আটক কৰে।
উল্লেখযোগ্য যে, ১৩ জানুৱাৰীৰ পুৱতি নিশা চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই আন এজন হত্যাকাৰী তীৰ্থাঙ্কুৰ ৰয়ক তেজপুৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল।
ইতিমধ্যে তীৰ্থাঙ্কুৰ ৰয় নামৰ হত্যাকাৰী জনে আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল ২৫ ডিচেম্বৰত দিগন্ত দাসক চোকা অস্ত্ৰৰে মুৰত আঘাট কৰি হত্যা কৰি পেলাই থৈ যোৱাৰ ঘটনা। আৰু সেই তথ্যৰ ভিত্তিতে শনিবাৰে কলিয়াবৰ মহকুমা আৰক্ষী অধীক্ষক মৃন্ময় দাস আৰু চুলুঙ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মৃদুল দেৱনাথে মূল হত্যাকাৰী আব্দুল মালিকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ ভাষ্য অনুসৰি সমগ্ৰ ঘটনাটো ড্ৰাগছৰ বাবেই সংঘটিত হয়। এশ টকাৰ ড্ৰাগছ নিদিয়াৰ বাবেই নিহত দিগন্ত দাস আৰু আব্দুল মালিকৰ মাজত কথাৰ কটাকটি হয় আৰু আব্দুল মালিকে কুঠাৰেৰে দিগন্ত দাসক হত্যা কৰি মৃতদেহটো চুলুঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যায়।