Local, Vocal, Global

এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিং

গুৱাহাটী, ০৫ ফেব্ৰুৱাৰী, ২০২২: কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিং দেওবাৰে এদিনীয়া কাৰ্যসূচী লৈ অসমত উপস্থিত হয়। মন্ত্ৰী গৰাকীয়ে দেওবাৰে দিনৰ ১.৩০ বজাত মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত কেন্দ্ৰীয় বাজেটত প্ৰতিফলিত হোৱা “আত্মনিৰ্ভৰ অর্থব্যৱস্থা” শীৰ্ষক বিষয়ৰ ওপৰত ভিন ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰিব। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈয্যন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানৰ পিছতেই শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙে ৩.১৫ বজাত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব।