এদিনতে গুৱাহাটীৰ ২০ স্থান কন্টেইনমেন্ট জ’ন ঘোষণা

*উত্তৰ-পূৱৰ দুৱাৰমুখত কৰ’নাৰ কালৰূপ।
*গুৰুতৰ পৰিস্থিতিৰ মাজত একেদিনাই গুৱাহাটীৰ একুৰি স্থানক কন্টেইনমেন্ট জ’ন ঘোষণা।
*চেৰাপভাতীত ১৪,বিৰুবাৰীত ৪,আজাৰাত বি এছ এফ জোৱানসহ ৫,আঠগাওঁ-পল্টন বজাৰতো ক’ভিড ৰোগী চিনাক্ত।
*গুৱাহাটীত কন্টেইনমেন্ট জ’ন ঘোষিত নতুন ২০ টা স্থান ক্ৰমে-
সৰুমটৰীয়াৰ এছ বি আই গে’ষ্ট হাউচ,গেমছ ভিলেজ,গাৰোবস্তি,
সৰুমটৰীয়া,জু-ৰোড তিনিআলি,আহোমগাঁও,
হেঙেৰাবাৰী,বামুণিমৈদামৰ বি পি চলিহা নগৰ,পাঞ্জাবাৰীৰ নবজ্যোতি নগৰ,ভঙাগড়ৰ শ্ৰীমন্তপুৰ,বিৰুবাৰীৰ উদয়পুৰ,বামুণিমৈদামৰ আকাশী নগৰ,আঠগাঁৱৰ সাগৰ এপাৰ্টমেন্ট,পাণ্ডুৰ জয়মতী নগৰ,লক’কলনী,ভৰলুমুখৰ নাৰায়ণ নগৰ,মালিগাঁৱৰ বৰিপাৰা,পল্টনবজাৰ,ছোলাপাৰা আৰু উলুবাৰী।