Local, Vocal, Global

এটা যুগৰ অৱসান ঘটিল- ঘূৰি নহা বাটেৰে গুচি গ’ল লতা মংগেশকাৰ

নিউজ ডেস্ক, ৬ফেব্ৰুৱাৰীঃ কেতিয়াও ঘূৰি নহা বাটেৰে তেঁও গুচি গ’ল ভাৰতৰ কুকিলকণ্ঠী লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। কিংবদন্তি গায়িকাগৰাকী ৯২ বছৰ বয়সত আজি দেহাৱসান ঘটে। তেঁও জানুৱাৰী মাহৰ পৰাই ক’ভিডত আক্ৰান্ত হৈছিল আৰু নিউমিনিয়াত আক্ৰান্ত হৈছিল বুলিও ধৰা পৰিছিল। তেঁওক আইচিইউত ভৰ্তি কৰোৱা হৈছিল আৰু তেঁও আৰোগ্য হৈ উঠিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
              লতা মংগেশকাৰ ১৯২৯ চনৰ ২৮ চেপ্তেম্বৰত ইন্দোৰ চহৰত জন্ম হৈছিল। তেঁও এক হাজাৰৰো অধিক ভাৰতীয় ছবিত কণ্ঠদান কৰিছে আৰু ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে। লতা মংগেশকাৰে তেঁওৰ জীৱনকালত অলেখ বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰত অন্যতম হ’ল- ফিল্ম ফেয়াৰ বঁটা, ৰাষ্ট্ৰীয় পুৰস্কাৰ, পদ্মভূষণ, সৰ্বাধিক সংখ্যক গীত গোৱাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড,দাদাচাহেব ফাল্কে বঁটা, পদ্মবিভূষণ, ৰাজীৱ গান্ধী পুৰস্কাৰ,ভাৰতৰত্ন , মহাৰাষ্ট্ৰ ভূষণ আদি অন্যতম।
          নিয়তিৰ ওচৰত হাৰ মানি লতা মংগেশকাৰ আমাৰ মাজৰ পৰা আঁতৰি গ’লেও তেঁও আমাৰ হৃদয়ৰ মাজত সদায় জীয়াই থাকিব।