এখন বিশেষ বিহু মঞ্চ, আগমণ ঘটে আলফা নেতাৰ

নিউজ ডেস্ক ,২৫ এপ্ৰিল:- এইবাৰ আলফাই উযাপন কৰিলে বিহু ,ৰাজ্যৰ এখন বিহুমঞ্চত দেখা গ’ল আলফা নেতাক।
ৰাজ্যত নিশাৰ সময়ত এখন বিহু মঞ্চত উপস্থিত হয় কেইবাগৰাকী আত্মসমৰ্পন কৰা প্ৰাক্তন আলফা নেতাক।
এই বিশেষ বিহুখন অনুষ্ঠিত হয় নলবাৰীৰ বাঁহজানীৰ চৰিয়াত , এই বিহুত যোগদান কৰে আলফাৰ প্ৰাক্তন সভাপতি অৰবিন্দ ৰাজখোৱা,প্ৰাক্তন উপ-সভাপতি প্ৰদীপ গগৈ,প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া,প্ৰাক্তন বৈদেশিক সচিব শশধৰ চৌধুৰী আৰু প্ৰাক্তন উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা ।
বিহুত উপস্থিত থাকি আলফাৰ প্ৰাক্তন প্ৰতি গৰাকী নেতাই বিহুৰ আনন্দ লোৱাৰ লগতে প্ৰতিগৰাকী অসমীয়াক বিহু উদযাপন কৰিবলৈ আহ্বান জনায় ।
উল্লেখখনীয় বিষয় যে,আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই জনায় বৰ্তমান যুৱ প্ৰজন্মই কিয় আলফাত যোগদান কৰিব গৈ আছে । তাৰ কাৰণ স্বৰূপে চৰকাৰে নিবনুৱা সমস্যা দূৰ নকৰাক লৈ যুৱ প্ৰজন্ম দিশহাৰা হৈ আলফালৈ ধাপলি মেলিব বাধ্য হৈছে ।
আলফাৰ প্ৰতি যুৱ প্ৰজন্ম আগ্ৰহী হৈ আলফাত যোগদানক কৰা কাৰ্যক লৈ তাৰ কাৰণ হিচাপে চৰকাৰক দোষাৰপ কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।
লগতে নলবাৰীৰ চৰিয়াৰ ৰঙালী বিহুত উপস্থিত থাকি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে, বৰ্তমান পৰেশ বৰুৱাৰ সংগ্ৰাম খন পূৰ্বৰ দৰে শক্তিশালী হৈ থকা নাই সেয়েহে, পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আহি আলোচনাৰ মাধ্যমেৰে সংগ্ৰাম খন আগুৱাই নিবলৈ আহ্বান জনায় ।