উত্তৰ প্ৰদেশত ষষ্ঠ পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ

নিউজ ডেস্ক, ৩ মাৰ্চ : উত্তৰ প্ৰদেশত আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠ পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্য । ১০ খন জিলাৰ ৫৭ টা সমষ্টিত অব্যাহত আছে এই ভোট গ্ৰহণ । এই ভোট গ্ৰহণৰ জড়িয়তে ৬৭৬ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হব ভাগ্য । ৮০ শতাংশ ভোটাৰ ৰাইজে বিজেপি চৰকাৰক বিচৰা দাবীৰে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব কৰে যোগী আদিত্যনাথে । পুৱাৰ ভাগতে ভোটদান কৰিলে যোগী আদিত্যনাথে। এইবাৰৰ ভোট গ্ৰহণ কাৰ্যত ৰেকৰ্ড কৰিব বুলিও দাবী কৰে আদিত্যনাথে।

বাতৰি অনুসৰি, বৰ্তমান ও ভোট গ্ৰহণ কেন্দ্ৰত কোনো অপ্ৰীতিকৰ পৰিৱেশে বিৰাজ কৰা নাই, শান্তিপূৰ্ণ ভাৱে সম্পন্ন হৈছে ভোট গ্ৰহণ ।