উত্তৰপ্ৰদেশত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি-বিনামূলীয়া চিলিণ্ডাৰ,স্কুটি,বিজুলী
নিউজ ডেস্ক,৮ ফ্ৰেব্ৰুৱাৰীঃ আজি উত্তৰপ্ৰদেশৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ‘জনকল্যান সংকল্প পত্ৰ ২০২২’ শীৰ্ষক নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।কেইবাটাও প্ৰতিশ্ৰুতিৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।
কৃষকৰ বাবে থকা কেইটামান প্ৰতিশ্ৰুতি হ’ল- ১)জলসিঞ্চনৰ বাবে কৃষকসকলক বিনামূলীয়া বিদ্যুত প্ৰদান কৰিব।
২)৫ হাজাৰ কোটি টকাৰ জলসিঞ্চন আঁচনি
৩) ২৫ হাজাৰ কোটি টকাৰ সৰদাৰ পেটেল এগ্ৰো ইনফ্ৰাষ্টাক্চৰ মিচন
৪) আলু বিলাহী আদিৰ নূন্যতম মূল্য দিয়াৰ বাবে ১ হাজাৰ কোটি টকা।
মহিলাৰ বাবে থকা কেইটামান প্ৰতিশ্ৰুতি হ’ল-১) কলেজলৈ যোৱাসকলৰ বাবে বিনামূলীয়া স্কুটি
২) উজ্জৱালাৰ লাভাৰ্থীসকলক হোলী আৰু দীপাৱলীত ২টাকৈ বিনামূলীয়া এলপিজি চিলিণ্ডাৰ
৩)কন্যা সুমংগলা যোজনাৰ ধন ১৫ হাজাৰ পৰা বৃদ্ধি কৰি ২৫ হাজাৰ কৰা।
৪) দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ বিবাহৰ বাবে ১ লাখ টকাৰ আৰ্থিক সাহায্য
৫) প্ৰতিগৰাকী বিধৱা আৰু নিৰক্ষৰ মহিলাক মাহিলী ১৫০০ টকা
৬)৩টা নতুন মহিলা বেটেলিয়ান
৭)সাৰ্বজানিক আৰু শৈক্ষিক স্থানত চিচিটিভি কেমেৰা
৮)সকলোধৰণৰ চৰকাৰী চাকৰিত মহিলাৰ সংখ্যা বৃদ্ধি কৰা
৯)৬০ বছৰৰ ওপৰৰ মহিলাৰ বাবে বিনামূলীয়া যাত্ৰা
১০) মহিলা এথলিটকত ৫ লাখ টকাৰ সাহাৰ্য্য
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকা প্ৰতিশ্ৰুতিবোৰ হ’ল-১)প্ৰতিটো মণ্ডলত এখনকৈ বিশ্ববিদ্যালয়
২)বিভিন্ন স্থানত বিশ্ববিদ্যালয়ৰ স্থান পূৰণ কৰা