ইম্ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ আনহাতে বন্ধ আহ্বান সংগঠনৰ

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মণিপুৰ বিধানসভা নিৰ্বাচন -২০২২ৰ বাবে প্ৰচাৰ চলাবলৈ ৰাজ্যখনত উপস্থিত হয়। ইপিনে ৰাজ্যখনৰ এটা নিষিদ্ধ সংগঠনে প্ৰধানমন্ত্ৰীৰ বৈঠক বৰ্জন কৰিবলৈ আহ্বান জনায়। কৰ্কম নামৰ নিষিদ্ধ সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ বৈঠক বৰ্জনৰ আহ্বান জনাইছে।
এই সংগঠনটোৱে এক বিবৃত্তিত কয় যে- মঙলবাৰে দুপৰীয়া ১ বজাৰ পৰা মণিপুৰৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে। লগতে প্ৰধানমন্ত্ৰী মণিপুৰ এৰি নোযোৱালৈকে এই বৰ্জন কাৰ্যসূচী অব্যাহত থাকিব বুলিও ঘোষণা কৰে। অৱশ্যে সংগঠনটোৱে স্বাস্থ্য তথা জৰুৰীকালীন সেৱাসমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া বুলিও কয়।
এই সংগঠনটোৱে দাবী কৰে যে, ৰাজনৈতিক দলৰ বহুতো নেতা-কৰ্মীয়ে মণিপুৰলৈ আহে আৰু নিৰ্বাচনৰ পূৰ্বে বহুতো প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰাজ্যখনৰ জনসাধাৰণে কোনোধৰণৰ ফল নাপায় বুলি অভিযোগ কৰে।