আহমেদাবাদ ধাৰাবাহিক বিষ্ফোৰণ কাণ্ডত জড়িত ৩৮ জনক মৃত্যুদণ্ডৰ ঘোষণা
নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ গুজৰাটৰ আহমেদাবাদত ১৩ বছৰ পূৰ্বে সংঘটিত হোৱা ধাৰাবাহিক বিষ্ফোৰণত জড়িত ৩৮ জন লোকক মৃত্যুদণ্ডৰ ঘোষণা কৰিছে আহমেদাবাদ আদালতে। ২০০৮ চনত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিষ্ফোৰণত জড়িত ৪৯ গৰাকী দোষীক আজি আদালতে শাস্তি ঘোষণা কৰিছে।
আজি আদালতে ৪৯ গৰাকী দোষীৰ ভিতৰত ৩৮ গৰাকী দোষীক মৃত্যুদণ্ডৰ ঘোষণাৰ লগতে ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ নিৰ্দেশ দিয়ে আহমেদাবাদ আদালতে।
উল্লেখ্য যে, ২০০৮ চনৰ ২৬ জুলাইত গুজৰাটৰ আহমেদাবাদত ৭০ মিনিটৰ ভিতৰত ২১ টাকৈ বিষ্ফোৰণে কঁপাই গৈছিল।