আলফা স্বাধীনত যোগদান মহানগৰীৰ দুই যুৱতীৰ

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতী আলফা স্বাধীনলৈ গমন কৰাত সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে। যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত বুলি জানিব পৰা গৈছে। যুৱতী দুগৰাকীৰ নাম সৰস্বতী দাস আৰু ৰুমী ডেকা বুলি জানিব পৰা গৈছে। যুৱতী দুগৰাকীয়ে ১৫ তাৰিখে ডিব্ৰুগড়লৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে।
ফাঁচি বজাৰৰ এখন দোকানত কাম কৰিছিল সৰস্বতী দাসে। যুৱতীগৰাকীৰ ঘৰৰ পৰা পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেনলা’ আৰু ‘নিষিদ্ধ কলম’ গ্ৰন্থ দুখন উদ্ধাৰ কৰা হৈছে। যি দুখন গ্ৰন্থৰ পটভূমি আছিল আলফাক কেন্দ্ৰ কৰি। ইয়াৰ পৰাই আৰক্ষীৰ তেঁওৰ আলফাত যোগদান কৰাটো নিশ্চিত কৰিছে। উল্লেখ্য সামাজিক মাধ্যমত স্বাধীনতা, অসম স্বাধীন আদি বিভিন্ন ফেচবুকৰ প্ৰফাইল একাউণ্ট সক্ৰিয় হৈ থকাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে দুগৰাকীয়ে আলফাত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।