আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম ভাৰতীয়-আমেৰিকান ৰাষ্ট্ৰপতি লাভ কৰিব নেকি?

ডিজিটেল ডেস্ক-নিকি হেলীয়ে ২০২৪ চনত হোৱাইট হাউচৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিব পৰা গৈছে৷ এগৰাকী ভাৰতীয়-আমেৰিকান ৰিপাব্লিকান নেতা নিকি হেলীয়ে ২০২৪ চনত ৰাষ্ট্ৰপতিপদৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। হেলীয়ে তেওঁৰ সহযোগী ৰিপাব্লিকান প্ৰাৰ্থী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাইছে। দক্ষিণ কেৰোলিনাৰ এগৰাকী প্ৰাক্তন গভৰ্ণৰ আৰু ৰাষ্ট্ৰসংঘৰ দূত হেলীয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁৰ নিবিদা ঘোষণা কৰিছে।