Local, Vocal, Global

আমেৰিকাৰ ৱাশ্বিংটনত ট্ৰাম্পৰ সমৰ্থকৰ ৰেলী

মাত্ৰ এটা সপ্তাহ পূৰ্বে আমেৰিকাত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ( ৰিপাব্লিকান) পৰাজয় ঘটিল আৰু জ’ বাইডেনে(ডেমক্ৰেট) ক্ষমতা দখল কৰিলে কিন্তু ডনাল্ড ট্ৰাম্পৰ এই পৰাজয়ক সহজে মানি ল’ব পৰা নাই তেওঁৰ সমৰ্থক সকলে। আনহাতে ট্ৰাম্পেও টুইট যোগে নিৰ্বাচনত বিসংগতি হোৱা বুলি দাবী কৰি আহিছে আৰু ইয়াৰ প্ৰতিবাদতেই ৱাশ্বিংটনত ট্ৰাম্পৰ সমৰ্থকে শনিবাৰে উলিয়ালে ৰেলী। হাতে হাতে প্লে কাৰ্ড লৈ ‘stop the steal’ ধ্বনিৰে হোৱাইট হাউচৰ পৰা আমেৰিকাৰ উচ্চতম ন্যায়ালয়লৈকে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয় ৰেলীত অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীৰ অভিযোগ যে নিৰ্বাচনৰ ভোট গননাত সংঘটিত হৈছে বিসংগতি।

ইফালে প্ৰতিবাদস্থলীত দেখাপোৱা গ’ল আন একাংশ লোকক যিয়ে ট্ৰাম্পৰ সমৰ্থক সকলক বাধা দিয়াৰ চেষ্টা চলোৱাৰ লগতে আক্ৰমণো চলাই। ইয়াৰ উপৰিও ট্ৰাম্পৰ সমৰ্থকক ‘নাজি’ বুলিও সম্বোধন কৰে আৰু এতিয়া এনেদৰেই আমেৰিকাত অব্যাহত আছে ট্ৰাম্পৰ সমৰ্থক আৰু জ’ বাইডেনৰ সমৰ্থক সকলৰ মাজত সংঘাট।